Contents


Categories

Authors

Ambikagiri Roy Choudhury (1)
Ananda Chandra Agarwala (1)
Atulchandra Hazarika (1)
Bhaben Barua (1)
Chandra Kumar Agarwala (2)
Debakanta Barua (2)
Durgeswar Sharma (2)
Ganesh Gogoi (1)
Hemchandra Goswami (1)
Hirendra Nath Dutta (1)
Homen Borgohain (1)
Janjegyaswar Sharma (1)
Jatindranath Duara (2)
Jyotiprasad Agarwala (2)
Kamalananda Bhattacharyya (1)
Laxminath Bezbarua (4)
Mahim Bora (1)
Nabakanta Barua (1)
Nalinibala Devi (1)
Parbati Prasad Barua (1)
Ram Gogoi (1)
Sameer Tanti (1)
Sananta Tanti (1)
Srimanta Sankardev (4)
Thaneswar Hazarika (1)

জীৱন সঙ্গীত

- আনন্দ চন্দ্ৰ আগৰৱালা

শোকৰ কবিতা ৰচি দুধাৰি চকুলু মচি
     নকবাঁ জীৱন মিছা, নিশাৰ সপোন|
অসাৰ সংসাৰ ভাই ইয়াত সকাম নাই
     মোহময় মায়াময় সকলো মাথোন ||

পুত্ৰ কন্যা পৰিবাৰ কোন তৱ তুমি কাৰ
     বুলি হেৰা অকাৰ্য্যত নকৰাঁ বেজাৰ |
কলা ঘুমটীয়া হই আতমা যে আছে ৰই
     জানিবা মৰণ নাই এই আতমাৰ ||

অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা
     ফুৰিম দুদিন মাথো সংসাৰ হাটত |
দুদিনৰ অন্ত হলে আয়ুষ ঢুকাই গলে
     সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত ||

চকু কান নাক যাব হাড় ছাল সাং হব
     মাটিৰ মানুহ তুমি মাটিত মিলিবাঁ
অবিনাশী নিত্যধন অমৰণ অভগন
     অনন্ত উন্নতিশীল আতমা জানিবা ||

সদায় চকুলো টোকা দুখত মগন থকা
     ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয় |
এনেভাবে কাম কৰা দিনে যেনে আগবঢ়া
     প্ৰতিদিনে খোজ যেন আগলৈহে যায় ||

পল পল দন্ড কৰি সময় গৈছে উৰি
     পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম|
বহু দূৰ আছে গতি সময় তাকৰ অতি
     কৰিব লগিয়া আমি আছে বহু কাম ||

দিন যায় আহে ৰাতি আয়ুষ গৈছে টুটি
     লাহে লাহে চমু চাপি আহিছে মৰণ |
সংসাৰ যুজৰ ঠাই শুবৰ সকাম নাই
     কাচি-পাৰি যুজা সৱে কৰি প্ৰাণ পণ ||

এলাহ নিহালী থোঁৱা বীৰবেশ গাত লোঁৱা
     নহঁবা মৰাৰ প্ৰায় মানুহ-সন্তান |
নহঁবা গৰুৰ দৰে খুচিলেহে খোজ ধৰে
     ৰণত বীৰেন্দ্ৰ বুলি হোঁৱা খ্যাতিমান ||

কল্পনা চকুৰে চোঁৱা যেনেকি সুন্দৰ পোঁৱা
     নকৰিবা দূৰ ভবিষ্যক পতিয়ন |
অতীত মৰি গল তাৰ কথা অন্ত হ’ল
     মনৰ পৰাই তাক কৰা বিসজ্জৰ্ন ||

যিহকে আগত পোঁৱা ততালিকে কৰি যোৱা
     জীৱন্ত জাগ্ৰত বত্তৰ্মান সময়ত |
সাহক সাৰথি কৰা কত্তৰ্ব্যৰ আগে লঁৰা
     ঈশ্বৰ কৰুণাময় আছে ওপৰত ||

মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
     আমিও কৰিব পাৰোঁ জীৱন গঢ়িত |
অভিনয় শেষ হলে জীৱনৰ অন্তকালে
     থই যাব পাৰোঁ খোজ সময় বালিত ||

কেতিয়াবা হব পাৰে কোনো দুভৰ্গীয়া নৰে
     জীৱন সমুদ্ৰ মাজে নাও বুৰ গই |
অঠাই পানীত পৰি কক্ বক্ কৰি কৰি
     ঢউৰ কোবত যদি আহি পাৰ পায় ||

দেখি সেই খোজবোৰ হব তাৰ আশা ঘোৰ
     সাহ কৰি খোজে খোজে খোজ লব পাৰে|
তেনে হলে বলা ভাই শুবৰ সকাম নাই
     অপূৰ্ব জেউতি চোঁৱা ‘উন্নতি’ৰ শিৰে ||

শিকা সৱে পৰিশ্ৰম, শিকাঁহে নীতি-ধৰম,
     নেভাবিবা সুখ-দুখ কিনো কপালত |
কত্তৰ্ব্যৰ পাচে লঁৰা ক্ৰমাগত কাম কঁৰা
     ফলা ফল ফল দাতা বিভূৰ হাতত ||

You must be logged in to post a comment.